Show/Hide Keyboard Layout

কলীয়া মেঘে

- বোলছবি

কলীয়া মেঘে ঢাকিছে ঐ

ধুনীয়া জোনৰ মুখনি ঐ

অভিমানী মন গুছাবলৈ

কি জানো কৰোঁ ক’বানে ঐ

আলেঙে আলেঙে নিবিচাৰোঁ

অনবৰত প্ৰীতিৰে ধৰোঁ ।

 

হিয়াৰে ভঁড়ালত

মৰম শালিধান

ডুলিয়ে ডুলিকৈ

লৈয়ে যাবা জান

আকুলতা দিয়াহি মোক

এষাৰি মাতে

ঐ মোলৈ নোচোৱা নে ?

 

কাষত ৰ’লেও আজি

দূৰে দূৰে যেন পাওঁ

ভুল ক’ত কি বাৰু

বিচাৰি নাপাওঁ

মৰম ভালপোৱা বোৰে কয়

ম‍ই তোমাৰে

ঐ জনমে জনমে ।।

Hits: 4226